Mark 7

অশুচিতাৰ বিষয়ে শিক্ষা

1তাৰ পাছত যিৰূচালেমৰ পৰা অহা কেইজনমান বিধানৰ অধ্যাপক ফৰীচী সকলৰ সৈতে আহি যীচুৰ ওচৰত গোট খালে৷

2তেওঁলোকে তেওঁৰ কেইজনমান শিষ্যক অশুচি অৰ্থাৎ হাত নুধুৱাকৈ ভোজন কৰা দেখিছিল। 3কিয়নো ফৰীচী আৰু আন ইহুদী সকলে হাত ভালকৈ নুধুলে ভোজন নকৰে; এই নিয়মক তেওঁলোকে বৃদ্ধ সকলৰ পুৰুষে পুৰুষে চলি অহা বিধিৰ নিচিনাকৈ মানি চলে। 4আৰু বজাৰৰ পৰা আহি গা নোধোৱা পৰ্যন্ত তেওঁলোকে ভোজন নকৰে৷ ইয়াৰ উপৰিও তেওঁলোকে মানি চলিবলৈ গ্রহণ কৰা বহু ৰীতি আছে অৰ্থাৎ তেওঁলোকে ব্যৱহাৰ কৰা বাটি, লোটা, পিতলৰ পাত্ৰ আদিৰ লগতে ভোজন-শয়ন কৰা ঠাইবোৰ পানীৰে ধুই লোৱা নিয়মবোৰো কঠোৰ ভাবে পালন কৰে।

5তেতিয়া ফৰীচী আৰু বিধানৰ অধ্যাপক সকলে তেওঁক সুধিলে, “আপোনাৰ শিষ্য সকলে বৃদ্ধ সকলৰ পুৰুষে পুৰুষে চলি অহা বিধিৰ দৰে আচৰণ নকৰি, অশুচি হাতেৰে কিয় ভোজন কৰে?”

6তেতিয়া তেওঁ ক’লে, “আপোনালোক কপটীয়া সকলৰ বিষয়ে যিচয়াই ভালকৈয়ে ভাবোক্তি প্ৰচাৰ কৰিছিল, তেওঁ লিখিছিল -

‘এই মানুহবোৰে ওঁঠেৰে মোক সন্মান কৰে,
কিন্তু তেওঁলোকৰ অন্তৰ মোৰ পৰা দুৰৈত থাকে।
7তেওঁলোকে অনৰ্থকৰূপে মোক ভক্তি কৰে,
আৰু মানুহৰ বিধিবোৰ উপদেশ বুলি শিকায়৷’

8“আপোনালোকে ঈশ্বৰৰ আজ্ঞা এৰি, লোক সকলৰ পুৰুষে পুৰুষে চলি অহা বিধি মানিছে।” 9তেওঁ পুণৰ ক’লে, “আপোনালোকে আপোনালোকৰ পুৰুষে পুৰুষে চলি অহা বিধি মানিবলৈ, ঈশ্বৰৰ আজ্ঞা ভালকৈয়ে অগ্ৰাহ্য কৰিছে। 10কিয়নো মোচিয়ে ক’লে, ‘তুমি তোমাৰ পিতৃ-মাতৃক সন্মান কৰা’ আৰু ‘যি কোনোৱে পিতৃ-মাতৃৰ অহিতে কু-বচন বোলে, তেওঁ নিশ্চয়ে মৰক।’

11কিন্তু আপোনালোকে কয় - ‘যি কোনোৱে নিজৰ পিতৃ বা মাতৃক কয়, “মোৰ যি যি বস্তু আপোনালোকৰ সহায় হব পাৰে, সেইবোৰ কৰ্ব্বান
7:11 ঈশ্বৰক দান কৰা হৈছে৷
কৰা হৈছে;
12তেন্তে তেওঁ পিতৃ বা মাতৃক পুনৰ সন্মান কৰাৰ প্রয়োজন নাই; 13এইদৰে আপোনালোকে পুৰুষে পুৰুষে প্রচলিত হৈ অহা বিধিৰ কাৰণে ঈশ্বৰৰ বাক্য মূল্যহীন কৰিছে। ইয়াৰ উপৰিও এনে ধৰণৰ বহু কাম আপোনালোকে কৰে।”

14পাছত যীচুৱে লোক সকলক ওচৰলৈ মাতি আনি আকৌ ক’লে- “আপোনালোক সকলোৱে মোৰ কথা শুনক আৰু বুজি লওঁক। 15বাহিৰৰ পৰা মানুহৰ ভিতৰলৈ সোমাই অশুচি কৰিব পৰা কোনো বস্তু নাই; কিন্তু মানুহৰ ভিতৰৰ পৰা যি যি বাহিৰলৈ ওলাই, সেইবোৰেহে মানুহক অশুচি কৰে। *
7.15 * কিছুমান পুৰণি অনুলিপিত লিখা আছে ১৬ পদ: কাৰোবাৰ যদি শুনিবলৈ কাণ আছে, তেওঁ শুনক৷
16কাৰোবাৰ যদি শুনিবলৈ কাণ আছে, তেওঁ শুনক।

17পাছত তেওঁ লোক সকলৰ ওচৰৰ পৰা গৈ ঘৰত সোমাল, তেতিয়া তেওঁৰ শিষ্য সকলে সেই দৃষ্টান্তটোৰ অর্থ তেওঁক সুধিলে। 18তাতে যীচুৱে তেওঁলোকক ক’লে, “তোমালোকো ইমান অবুজ নে? বাহিৰৰ পৰা মানুহৰ ভিতৰলৈ যিবোৰ বস্তু সোমায়, সেইবোৰে মানুহক অশুচি কৰিব নোৱাৰে, 19কিয়নো সেইবোৰ বস্তু চিত্তত সোমাই নাযায়, সেইবোৰ পেটত সোমাই শৌচৰ দ্বাৰা বাহিৰ হৈ যায়; এই কথাষাৰো তোমালোকে বুজা নাই নে?” এইদৰে তেওঁ খাব পৰা সকলো বস্তুকে শুচি বুলি ক’লে।

20তেওঁ পুনৰ ক’লে, “মানুহৰ পৰা যি ওলায় সেইবোৰে মানুহক অশুচি কৰে। 21কিয়নো ভিতৰৰ পৰা, অৰ্থাৎ মানুহৰ চিত্তৰ পৰা কু-চিন্তা, ব্যভিচাৰ, চুৰ, নৰবধ, 22পৰস্ত্ৰী গমণ, লোভ, দুষ্টতা, ছল, কামাভিলাষ, কু-দৃষ্টি, নিন্দা, অহংকাৰ, মুৰ্খতা, এইবোৰ ওলায়। 23এই সকলো মন্দ ভিতৰৰ পৰা ওলায়; আৰু এইবোৰেই মানুহক অশুচি কৰে।”

এজনী পৰজাতি তিৰোতাৰ জীয়েকক সুস্থ কৰা

24পাছত তেওঁ তাৰ পৰা উঠি, তুৰ আৰু চীদোনৰ সীমালৈ আতৰি গ’ল। তাতে এটা ঘৰত সোমাই, কোনেও নজনাকৈ থাকিবলৈ ইচ্ছা কৰিলে, কিন্তু লুকাই থাকিব নোৱাৰিলে। 25যি গৰাকী তিৰোতাৰ জীয়েকক অশুচি আত্মাই ধৰিছিল, সেই গৰাকী তিৰোতাই যীচুৰ বিষয়ে শুনি ওচৰলৈ আহি তেওঁৰ চৰণত পৰিল। 26সেই তিৰোতা গৰাকী গ্ৰীক আছিল আৰু জাতিত চৰফৈনীকীয়া। তাইৰ জীয়েকৰ পৰা ভুত খেদাবলৈ তাই তেওঁক মিনতি কৰিলে।

27তেতিয়া তেওঁ তাইক ক’লে, “প্ৰথমে ল’ৰাহঁত খাই তৃপ্ত হওঁক; কিয়নো ল’ৰাহঁতৰ খোৱা বস্তু কুকুৰৰ আগত পেলাই দিয়া ভাল নহয়।” 28কিন্তু তাই উত্তৰ দি তেওঁক ক’লে, “হয় প্ৰভু, মেজৰ তলত থকা কুকুৰে ল’ৰাহঁতৰ উফৰি পৰাবোৰ খাবলৈ পায়।”

29তাতে তেওঁ তাইক ক’লে, “এই কথাৰ কাৰণে তুমি যোৱা, তোমাৰ জীয়েৰাৰ পৰা ভুত বাহিৰ হৈ ওলাই গ’ল।” 30পাছে, তাই নিজৰ ঘৰলৈ গৈ দেখিলে যে, ছোৱালী জনী শয্যাত শুই আছে আৰু ভুত ওলাই গুচি গ’ল।

কলা আৰু খোনা মানুহ এজনক সুস্থ কৰা

31আকৌ তেওঁ তুৰৰ সীমাৰ পৰা ওলাই, চীদোন হৈ দিকাপলিৰ সীমাৰ মাজেদি গালীল সাগৰলৈ আহিল। 32তেতিয়া মানুহবোৰে কলা আৰু খোনা মানুহ এজনক তেওঁৰ ওচৰলৈ লৈ আহিল আৰু মানুহ জনৰ গাত হাত দিবলৈ তেওঁক বিনয় কৰিলে।

33তেতিয়া তেওঁ সেই মানুহ জনক ভিৰৰ মাজৰ পৰা আতৰাই নিলে আৰু মানুহ জনৰ কাণ দুখনত আঙুলি দি; 34থুইৰে জিভা চুই স্বর্গলৈ চাই হুমুনিয়াহ কাঢ়ি ক’লে-“ইফফাথা” অর্থাৎ “মুকলি হওঁক”। 35তেতিয়া তেওঁৰ কাণ মুকলি হ’ল; আৰু জিভাৰো বান্ধ আতৰিল, তেওঁ পোন হৈ কথা ক’বলৈ ধৰিলে।

36পাছত এই কথা কাকো নক’বলৈ তেওঁ তেওঁলোকক আজ্ঞা দিলে; কিন্তু তেওঁ যিমানেই নিষেধ কৰিলে, সিমানেই অধিককৈ তেওঁলোকে ঘোষণাহে কৰিবলৈ ধৰিলে; আৰু তেওঁলোকে অতিশয় বিস্ময় মানি ক’লে, “তেওঁ সকলোবোৰ ভালদৰেই কৰিলে; তেওঁ কলাকো শুনিবলৈ আৰু বোবাকো কথা ক’বলৈ শক্তি দিয়ে।”

37

Copyright information for AsmULB